স্থগিত কৰা হৈছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা
নিউজ ডেস্ক, ১৭ মে’-উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা সাময়িকভাৱে স্থগিত। ৰাজ্যৰ প্ৰতিকূল বতৰৰ বাবে স্থগিত পৰীক্ষা। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এই ঘোষণা। প্ৰতিকূল বতৰে প্ৰভাৱিত কৰিছে ৰাজ্যৰ বহুকেইখন জিলা।
পৰৱৰ্তী নিৰ্দেশ প্ৰকাশ নোহোৱালৈকে স্থগিত পৰীক্ষা। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বাতিল কৰিলে প্ৰথম বৰ্ষৰ পৰীক্ষা।
ৰাজ্যৰ ভয়াবহ বানৰ বাবেই পৰীক্ষা বাতিল শিক্ষা সংসদৰ। পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত অনুষ্ঠিত নহয় পৰীক্ষা।১৮ মে’ৰ পৰা ২১ মে’লৈ অনুষ্ঠিত হোৱা কথা আছিল এই পৰীক্ষা।
উল্লেখ্যে যে, ৰাজ্যৰ কেইবাখনো জিলাত বান আৰু ভূমিস্খলনে লৈছে ভয়াবহ ৰূপ। বহু কেইখন জিলাত স্তব্ধ হৈ পৰিছে যাতায়ত।