আজিৰে পৰা পুনৰ আৰম্ভ হৈছে মাজুলী-নিমাতী ফেৰী সেৱা
নিউজ ডেস্ক, ১৮ মে’- আজি পুৱাৰ পৰা পুনৰ আৰম্ভ হৈছে কমলাবাৰী ঘাট আৰু অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ ফেৰী চলাচল ।
নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলস্বৰুপে ১৫ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা প্ৰশাসনে বন্ধ কৰিছিল যোৰহাট-মাজুলী সংযোগী নিমাতী ঘাটৰ ফেৰিসেৱা।
ব্ৰহ্মপুত্ৰত পানী বিপদসংকূল ভাৱে বৃদ্ধি পোৱাৰ লগতে কোবাল সোঁতত কাঠৰ টুকুৰাকে ধৰি বিভিন্ন সামগ্ৰী উটি অহাৰ বাবে বন্ধ কৰা হৈছিল ফেৰিসেৱা।
যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ কৰাৰ লগতে মাজুলীৰ পৰা ধেমাজি, বগীবিল হৈ যোৰহাটলৈ বাছসেৱা মুকলি কৰিছিল।
আৰু আজিৰ পৰা পুনৰ আৰম্ভ হৈছে মাজুলী-নিমাতী ফেৰী সেৱা । তিনিদিনৰ অন্তত ফেৰী চলাচল আৰম্ভ হোৱা বাবে ফেৰী ঘাটসমূহত যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে।