ৰূপকুণ্ড হ্ৰদৰ লগত জড়িত এটা বিশেষ কাহিনীৰ বিষয়ে জানে নে ?
কাশ্মীৰৰ লোকটেক হ্ৰদৰ দৰে মনোমোহা হ্ৰদৰ বিষয়ে হয়তো সকলোৱে জানে। তেনে এটা হ্ৰদ হৈছে ৰূপকুণ্ড হ্ৰদ। দেখাত মনোমোহা নহয়নে। কিন্তু আমি আজি আপোনাক কʼম এই হ্ৰদৰ এটা বিশেষ কাহিনী। আপুনি জানে নে এই হ্ৰদটোক কংকালৰ হ্ৰদ কিয় কোৱা হয়।
ৰূপকুণ্ড হ্ৰদ হৈছে উত্তৰাখণ্ডৰ পৰ্বতমালাত ওখ কৈ অৱস্থিত এটা হিমবাহ হ্ৰদ। বৰ্তমান সময়ত ই এক জনপ্ৰিয় ট্ৰেকিং কৰা সকলৰ বাবে গন্তব্যস্থান। যদিও হ্ৰদটো কেৱল ২ মিটাৰ গভীৰ আৰু বছৰটোৰ বেছিভাগ সময় বৰফেৰে আৱৰি থাকে। আৰু যেতিয়া বৰফ গলে তেতিয়া মানুহৰ কংকালৰ অৱশিষ্টাংশ দেখা যায়।
স্থানীয় জনশ্ৰুতি অনুসৰি কানাউজৰ ৰজা ৰাজা জশভলে তেওঁৰ গৰ্ভৱতী পত্নী, সেৱক আৰু এটা নৃত্য দলৰ সৈতে ৩০০ ৰো অধিক লোক, নন্দা দেৱী মন্দিৰৰ তীৰ্থযাত্ৰাত আছিল।
ভ্ৰমণকাৰী দলটো এক ভয়ংকৰ শিলাবৃষ্টিত আৱদ্ধ হৈছিল, আৰু সকলোবোৰ ৰূপকুণ্ড হ্ৰদৰ ওচৰত ধ্বংস হৈছিল। জনশ্ৰুতি অনুসৰি আজি যি হাড় হ্ৰদত আছে সেয়া তেওঁলোকৰ।