স্মাৰ্ট চিটি নে ফ্লাড চিটি
 
				নিউজ ডেস্ক, ১৩ মে’- গুৱাহাটী স্মাৰ্ট চিটি এতিয়া পৰিণত হৈছে ফ্লাড চিটিত। নিশাৰ পৰা দি থকা এজাক বৰষুণতেই মহাসাগৰত পৰিণত হৈছে গুৱাহাটী মহানগৰী।
চানমাৰি, শিলপুখুৰী, দক্ষিণ শৰণীয়া, লাচিত নগৰ, গান্ধীবস্তি, ৰাজগড়, জুৰোড , ৱায়াৰলেছ, চাৰ্ভে, নবীন নগৰ, অনিল নগৰ, গুৱাহাটী ক্লাব সকলোতে এতিয়া কেৱল পানী আৰু পানী ।
ৰাজপথ ,উপপথ সকলোতে এতিয়া এআঠু কৈ পানী। জাৱৰ আৰু বোকা মিহলি পানীয়ে এক প্ৰকাৰৰ কদয্য পৰিৱেশৰ সৃষ্টি কৰিছে।
মূলতঃ নলা–নৰ্দমা সমূহ সময় অনুসৰি পৰিস্কাৰ নকৰাৰ বাবে সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। পানীৰ কাৰণে উলাই আহিব পৰা নাই জনসাধাৰণ। লোকসকল গৃহবন্দী হৈ পৰিছে। নিস্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা।
প্ৰশ্ন হয় মহানগৰী কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধান কেৱল ভাষণৰ মাজতেই সীমাবদ্ধ থাকিব নে ইয়াৰ উচিত সমাধান হʼব। গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি কৰাৰ যি সপোন সেইয়া ফ্লাড চিটিতে সীমাবদ্ধ থাকিব নেকি?
 
						 
			