অসম আৰক্ষীৰ বাবে এক গৌৰৱৰ দিন, প্ৰদান কৰা হ’ল ৰাষ্ট্ৰপতিৰ প্ৰদান
নিউজ ডেস্ক, ১০ মে’- আজি অসম আৰক্ষীৰ বাবে এক গৌৰৱৰ দিন। অসম আৰক্ষীক প্ৰদান কৰা হ’ল ৰাষ্ট্ৰপতিৰ নিছান।
এই উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজন কৰা হৈছে এক বৰ্ণাঢ্য কাৰ্যসূচীৰ। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰিব ৰাষ্ট্ৰপতিৰ নিচান। শান্তি আৰু যুদ্ধ উভয় ক্ষেত্ৰলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰপতিৰ নিচান আগবঢ়োৱা হৈছে অসম আৰক্ষীলৈ।
পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই অনুষ্ঠান। অসম আৰক্ষীৰ জোৱানসকলে অংশ লৈছে পেৰেডত। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰা নৱমখন ৰাজ্য হৈছে অসম।
ৰাষ্ট্ৰপতি নিচান প্ৰদান অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে যে – ‘দেশৰ শীৰ্ষ ১০ আৰক্ষী বাহিনীৰ ভিতৰত অসম আৰক্ষীয়ে স্থান লাভ কৰিছে’।