Local, Vocal, Global

প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ পিছতেই শ্ৰীলংকাত চৰম অৰাজকতা, ভয়ংকৰ পৰিৱেশ

নিউজ ডেস্ক, ১০ মে’- সোমবাৰে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজপাক্ষেই পদত্যাগ কৰাৰ পিছতেই দেশখনত পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে। পদত্যাগী প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত হাজাৰ হাজাৰ লোকে আক্ৰমণ কৰিছে। অৰ্থনৈতিক জৰুৰী অৱস্থাৰ মাজতেই দেশখনত সৃষ্টি হৈছে ব্যাপক হিংসাত্মক কাৰ্যকলাপ।

দেশজুৰি বলৱত হৈ থকা কাৰ্ফিউৰ মাজতে শাসকীয় দলৰ শীৰ্ষ ৰাজনীতিবিদসকলৰ কমেও ৪১ টা ঘৰ ৰাতিটোৰ ভিতৰতে জ্বলাই দিয়া হৈছিল। এজন মন্ত্ৰীৰ জ্বলন্ত ঘৰৰ সন্মুখত থকা এজন অচিনাক্ত ব্যক্তিয়ে স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, “এই কাম আমি আগতে কৰা উচিত আছিল। সেই কামত আগতে কৰিব নোৱাৰি আমি  দুখহে অনুভৱ কৰিছোঁ।”

আৰক্ষীয়ে জনোৱা মতে, দেশখনৰ দক্ষিণ প্ৰান্তত থকা ৰাজাপাক্ষে পৰিয়ালৰ পৈতৃক গাঁও মেদা মুলানাত ৰাজপাক্ষে পৰিয়ালৰ বিভিন্ন বিষয় সম্বলিত এটা সংগ্ৰহালয়ত জনতাই আক্ৰমণ কৰে আৰু ইয়াক ধ্বংস কৰে। উত্তৰ-পশ্চিম চহৰ কুৰুনেগালাত ৰাজপাক্ষেৰ এটা ৰাজনৈতিক কাৰ্যালয়ো অগ্নিসংযোগ কৰি ধ্বংস কৰে প্ৰতিবাদকাৰীয়ে।