Local, Vocal, Global

উত্তৰ প্ৰদেশত আজি শপত গ্ৰহণ সম্ভাৱনা যোগী আদিত্যনাথৰ

নিউজ ডেস্ক, ১৭ মাৰ্চ : উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা পাছতে আজি দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব পাৰে যোগী আদিত্যনাথে। সংখ্যাগৰিষ্ঠতাৰে পুনৰ বিজেপিয়ে দখল কৰিলে শাসনৰ ভাৰ । ইকানা ষ্টেডিয়ামত শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। যোগী আদিত্যনাথৰ শপত গ্ৰহণ সমাৰোহত ৪৫ হাজাৰ লোকক নিমন্ত্ৰণ জনোৱাৰ লগতে ৰাহুল, ছোনিয়া, অখিলেশকো দিয়া হৈছে নিমন্ত্ৰণী পত্ৰ।

বাতৰি অনুসৰি, শপত গ্ৰহণ কাৰ্যসূচীৰ বাবে ২০০ ভিভিআইপি অতিথিৰ লগতে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, ছোনিয়া গান্ধী, প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ, মুলায়ম সিং যাদৱ আৰু বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীসহ বিৰোধীৰ বহু নেতাক আমন্ত্ৰণ জনোৱা হ’ব । ইয়াৰ লগতে বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলকো শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়।

উল্লেখযোগ্য যে, ৰঙৰ উৎসৱ হোলীৰ পিছতে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব যোগী আদিত্যনাথে ।