Local, Vocal, Global

প্ৰথমদিনাই দেশজুৰিত কিশোৰ- কিশোৰীক ২.৬০ লাখ কৰ্বেভেক্সৰ ড’জ প্ৰদান

নিউজ ডেস্ক, ১৭ মাৰ্চঃ বুধবাৰে অৰ্থাৎ ১৬ মাৰ্চৰ পৰা আৰম্ভ হৈছে ১২–১৪ বছৰীয়া কিশোৰ–কিশোৰীসকলৰ কোভিড ১৯ টিকাকৰণ। বুধবাৰে নিশা টুইট কৰি স্বাস্থ্য মন্ত্ৰণালয়ে জনাই যে, প্ৰথম দিনটোত দেশজুৰি ১২–১৪ বছৰ বয়সীয়া ২.৬০ লাখক ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছে।

আৰম্ভণিৰ দিনাই ১২ৰ পৰা ১৪ বছৰ বয়সীয়া কিশোৰ–কিশোৰীসকলক ব্যাপক হাৰত ক’ভিড টিকাকৰণৰ নজিৰ গঢ়িলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।

এক নিৰ্দেশনাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছিল, ১২-১৪ বছৰ বয়সৰ কেৱল কৰ্বেভেক্সৰ ভেকচিন ব্যৱহাৰ কৰা হ’ব। বায়’লজিকেল ইৰ ইন্ট্ৰামাছকুলাৰ ভেকচিন কৰ্বেভেক্সৰ দুয়োটা ড’জ ২৮ দিনৰ ব্যৱধানত ১২–১৪ বছৰ বয়সৰ সকলোকে দিয়া হ’ব।

মন্ত্ৰণালয়ে টুইটযোগে আৰু জনাইছে যে ৰাষ্ট্ৰীয় টিকাকৰণ দিৱসত ১২–১৪ বছৰ বয়সীয়াসকলক ক’ৰণাৰ ভেকচিন দিয়া কাম আৰম্ভ হৈছে। ১৫ বছৰীয়াসকলক ইতিমধ্যে ১৫–১৮ বছৰ বয়সৰ সকলো শ্ৰেণীক ভেকচিন দিয়াৰ সময়তে প্ৰদান কৰা হৈছে টিকা।