৫ ৰাজ্যৰ ভোটগণনা- উত্তৰপ্ৰদেশ, মণিপুৰত বিজেপিৰ অগ্ৰগতি
নিউজ ডেস্ক,১০ মাৰ্চঃ বৃহস্পতি পুৱা ৮ বজাৰ পৰা ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। পঞ্জাৱ, গোৱা, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড আৰু মণিপুৰত ইতিমধ্যে ভোটগণনা আৰম্ভ হৈছে।
পুৱা ৯ বজালেকে উত্তৰ প্ৰদেশত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে।
লগতে উত্তৰ প্ৰদেশত অগ্ৰগতি লাভ কৰিছে সমাজবাদী প্ৰাৰ্থীয়েও।
উত্তৰ প্ৰদেশত ৪০৩খন আসনৰ ভিতৰত প্ৰায় ২০০ খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে।
ইপিনে মণিপুৰতো বৰ্তমান সময়লৈকে বিজেপিৰ অগ্ৰগতি।
১৮টা সমষ্টিত বিজেপি আৰু এটা সমষ্টিত কংগ্ৰেছ আগবাঢ়ি আছে।
বৰ্তমান সময়লৈকে অন্য দলসমূহে ভাল ফল দেখুৱাব পৰা নাই।