উত্তৰ প্ৰদেশৰ পলিটেকনিক কলেজৰ হোষ্টেলত চিলিণ্ডাৰ ব্লাষ্ট
নিউজ ডেস্ক, ৭ মাৰ্চঃ সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ পলিটেকনিক কলেজৰ ছাত্ৰাবাসত চিলিণ্ডাৰ বিষ্ফোৰণ হৈ কেইবাগৰাকীও ছাত্ৰ আঘাতপ্ৰাপ্ত হয়। এই ঘটনাত ১০ গৰাকী ছাত্ৰৰ লগতে মুঠ ১৩ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।
জানিব পৰা মতে, পুৱা প্ৰায় ৯ মান বজাত ৰন্ধাৰ কাম কৰি থকাৰ সময়তে এই বিষ্ফোৰণ সংঘটিত হয়। ইয়াৰপিছতে অগ্নিদগ্ধ লোককেইজনক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে আলিগড় হাস্পতাললৈ প্ৰেৰণ কৰে।