ইউক্ৰেইনৰ পৰা ওভতি অহা ভাৰতীয় শিক্ষাৰ্থী লৈ সুখবৰ! মেডিকেলৰ ইন্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰাৰ সুবিধা পাব ভাৰততে
নিউজ ডেস্ক, ৬ মাৰ্চ : ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ ফলত বহু চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে স্বদেশলৈ ওভতি আহিছে, যাৰ ফলত তেওঁলোকৰ ইন্টাৰ্ণশ্বিপ সম্পূৰ্ণ হোৱা নাই। ভাৰত চৰকাৰে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী সকলৰ সুবিধাৰ্থে ভাৰত তে ইন্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰাৰ সুযোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নেচনেল মেডিকেল কমিছন চমুকৈ এন এম চিয়ে শনিবাৰে ঘোষণা কৰে যে ইউক্ৰেইনৰ পৰা প্ৰত্যাৱৰ্তন কৰা ভাৰতীয় মেডিকেল শিক্ষাৰ্থীয়ে ভাৰতত ইন্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰাৰ বাবে আবেদন প্ৰদান কৰিব পাৰিব। কিন্তু ইন্টাৰ্ণশ্বিপৰ বাবে আবেদন কৰা শিক্ষাৰ্থী সকলে ফ’ৰেইন মেডিকেল গ্ৰেজুৱেট এগজামিনেচন চমুকৈ এফ এম জি ই ৰ দ্বাৰা উত্তীৰ্ণ হ’ব লাগিব। অৰ্থাৎ ফ’ৰেইন মেডিকেল গ্ৰেজুৱেটসকলক দেশত আধৰুৱা ইন্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰিবলৈ সুযোগ দিব।
আনহাতে, যি সকলে পাঠ্যক্ৰমৰ আধৰুৱা কৰি স্বদেশলৈ ঘূৰি আহিছে তেওঁলোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লব। কিয়নো ইউক্ৰেইনৰ পৰা আধৰুৱা শিক্ষা গ্ৰহণ কৰি অহা শিক্ষাৰ্থীসকলে ভৱিষ্যত আৰু ইউক্ৰেইনলৈ যাব পাৰিব নে নাই, তাৰ কোনো নিশ্চয়তা নাই।