Local, Vocal, Global

খেলপথাৰত বিৰাট কোহলীয়ে অনুষ্কাক আলিংগন কৰি চুমা যাচিলে কিয় !

নিউজ ডেস্ক, ৫ মাৰ্চ : ক্ৰিকেটৰ খেলপথাৰতেই এইবাৰ প্ৰেম নিবেদন কৰিলে এহাল প্ৰেমিক- যুগলে। জীৱন সংগীৰ সফলতাত খেলপথাৰৰ মাজ মজিয়াতেই মৰমৰ যাঁচিলে ইজনে আনজনক। খেলপথাৰত বিৰাট কোহলীয়ে অনুষ্কাক সাৱটি ধৰি চুমা দিয়াৰ পাছতেই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই বিশেষ ফটো কেইখনখন।

বিৰাট কোহলীয়ে শ্ৰী লংকাৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচত খেলপথাৰত নামি ১০০ তম টেষ্ট খেলি কৃতিত্ব অৰ্জন কৰা দ্বাদশ গৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগনিত হল বিৰাট কোহলী। শুকুৰবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে খেল আৰম্ভ হোৱাৰ পূৰ্বে বিচিচিআইয়ে ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক খেলপথাৰত সন্মানিত কৰে আৰু অভ্যৰ্থনা অনুষ্ঠানৰ সময়ত বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাও খেলপথাৰত উপস্থিত আছিল ৷

বিৰাট কোহলীয়ে কয়, “এইটো মোৰ বাবে এক বিশেষ মুহূৰ্ত।” কোহলীয়ে সকলোকে ধন্যবাদ জনাই আৰু তাৰ পিছত পত্নী অনুষ্কাক মূৰত চুমা খাইছিল আৰু সাৱটি ধৰিছিল।