Local, Vocal, Global

মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক, ২৩ ফ্ৰেব্ৰুৱাৰীঃ মহানগৰৰ আমবাৰীৰ সাতগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। সাতগাঁও থানাৰ অন্তৰ্গত আমবাৰীৰ সুন্দৰ পথৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত সেনা জোৱান জনক মাছ কটা দাৰে ডিঙি ৰেপি হত্যা কৰিছিল। অৱসৰপ্ৰাপ্ত সেনা জোৱানজনৰ নাম ৰৌছান আলী ওৰফে চানা পাগলা।
        জানিব পৰা মতে, ৰৌছান আলীয়ে হাবিবুৰ ৰহমানৰ পত্নীক বিয়া কৰোৱাৰ উদ্দেশ্যে ঘৰত তিনি ধৰি সোমোৱাই ৰখাৰ বাবেই কাজিয়াৰ সূত্ৰপাত হৈ এই হতাকাণ্ডৰ সংঘটিত হৈছে। সেয়েহে আজি হাবিবুৰ ৰহমানে ৰৌচান আলীক ঘাইপথত আগুচি ধৰি ডিঙি কাটি হত্যা কৰে।
         ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে হত্যাকাৰী হাবিবুৰ ৰহমানক গ্ৰেপাৰ কৰে।