উচ্চতম ন্যায়ালয়ে বাতিল নকৰিলে দ্বাদশ-দশম শ্ৰেণীৰ অফলাইন পৰীক্ষা

নিউজ ডেস্ক, ২৩ ফ্ৰেব্ৰুৱাৰীঃ ২০২২ বৰ্ষৰ শিক্ষা সংসদ, চিবিএছই, আইচিএছচি আৰু এনআইঅ’এছে অনুষ্ঠিত কৰিবলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ অফলাইন পৰীক্ষা বাতিল কৰাৰ কাৰণে এক আবেদন আজি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।
ন্যায়াধীশ এএম খানৱিলকাৰ, দীনেশ মহেশ্বৰী আৰু চিটি ৰবিকুমাৰেৰে গঠিত বিচাৰপীঠে দশম আৰু দ্বাদশ শ্ৰেণীৰ অফলাইন পৰীক্ষা অনুষ্ঠিত নকৰিবৰ বাবে দাখিল কৰা আবেদন খাৰিজ কৰে।
উল্লেখ্য যে,কিছুদিন পূৰ্বে একাংশ পৰিক্ষাৰ্থীয়ে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনেৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।