বিজেপিক প্ৰত্যাহ্বান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ By MyNewsNE Desk On Feb 21, 2022 Last updated Feb 21, 2022 Share নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী: শাসকীয় বিজেপি দল আৰু চৰকাৰে বৰ্তমান ৰাজ্যত কংগ্ৰেছ দলৰ কোনো অস্তিত্ব নাই বুলি দম্ভালি মাৰি থকাৰ সময়ত ভয়-ভাবুকি বা প্ৰলোভনেৰে হে পৌৰ সভাৰ নিৰ্বাচনত বিজয়ী হোৱাৰ সপোন দেখিছে। ৫৫ লাখ সদস্যৰ বাহাদুৰি দেখুওৱা বিজেপিয়ে মিত্ৰজোঁটকে পৌৰ সভাৰ নিৰ্বাচনত আসনৰ ভাগ-বাটোৱাৰাৰ নামত গিলি পেলাইছে। বিজেপিয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলৰ ঘৰলৈ গৈ প্ৰাৰ্থী ৰ লগতে পৰিয়ালৰ মানুহক ভাবুকি প্ৰদান কৰিছে। কংগ্ৰেছ দলৰ কোনো প্ৰাৰ্থীয়েই স্বেচ্ছাই নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰা নাই। ইতিমধ্যে জনসাধাৰণৰ পৰা বিচ্ছিন্ন হোৱা বিজেপি দলৰ লামডিং সমষ্টিৰ বিধায়ক ভাতৃ ছিণ্ডিকেটৰ চৰ্দাৰৰ নেতৃত্বত চলিছে গুণ্ডাৰাজ। মুখ্য মন্ত্ৰীৰ সমষ্টিত আজি ৰাইজে কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলিবলৈ অহাটোৱেই আচলতে সূচায় কি ? এই মুহুৰ্তলৈকে উত্তৰ গুৱাহাটী, জোনাই, ধেমাজি, উত্তৰ লক্ষীমপুৰ, বিশ্বনাথ চাৰিআলি, লামডিং, মৰিগাওঁ, হাইলাকান্দি, জামুগুৰিহাট, ঢেকিয়াজুলিকে ধৰি বহু ঠাইত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হয় মনোনয়ন বাতিল কৰোৱা হৈছে নতুবা বলপূৰ্বক ভাৱে প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে। কংগ্ৰেছ দলৰ পৰা ৮০ খন পৌৰসভাৰ সৰ্বমুঠ ৯২১ টা ওৱাৰ্ডৰ ভিতৰত ৯০৩ টা বাবে ইচ্ছুক প্ৰাৰ্থীয়ে A আৰু B ফৰ্ম সংগ্ৰহ কৰিছিল যদিও নিজাববীয়াকৈ ৮৫৪টা আৰু স্থানীয় ভাৱে হোৱা আসন বুজাবুজিত ১৮ টা ওৱাৰ্ডত ৰাইজৰ আশীষ শিৰত লৈ প্ৰতিদ্বন্দিতা কৰিব। জাতি-মাটি-ভেটিৰ সুৰক্ষাত শ্লোগান দিয়া মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাসনকালত মহানগৰীৰ মাজ মজিয়াৰ মাটি অনা অসমীয়াই লাভ কৰিলে কেনেকৈ ? মহানগৰীৰ মাজমজিয়াত ৫৮ বিঘা মাটি ১০০ কোটি টকাত লীজৰ বিষয়ে মুখ্যমন্ত্ৰী নীৰৱ কিয়? বিজেপিক বিভিন্ন বিষয়কলৈ প্ৰশ্ন উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য এ। ReplyForward Share FacebookTwitterReddItWhatsAppPinterestEmail