‘পদ্মশ্ৰী’ শকুন্তলা চৌধুৰীৰ দেহাৱসান

নিউজ ডেস্ক,২১ ফ্ৰেব্ৰুৱাৰীঃ সেৱাৰ নামত নিজৰ জীৱন উচৰ্গা কৰা শকুন্তলা চৌধুৰী আৰু নাই। ৰবিবাৰে নিশা প্ৰায় ১০.৩০ বজাত মহানগৰীৰ উলুৱাৰীস্থিত কস্তুৰৱা আশ্ৰমত নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী শকুন্তলা চৌধাৰীয়ে। এই সমাজ সেৱিকা গৰাকীক চলিত বৰ্ষৰ ২৬ জানুৱাৰীত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে বিভূষিক কৰা হৈছিল।এইগৰাকী সমাজ সেৱিকাই ভৰ যৌৱনতেই সকলো ত্যাগ কৰি শূণ্য হাতেৰে আশ্ৰমবাসিনী হৈছিল।

আনহাতে, ১৯৪৬ চনত গ্ৰাম সেৱিকা বিদ্যালয়ৰ বাবে শিক্ষিতা ছোৱালী প্ৰয়োজন হোৱাত গান্ধীবাদী অমলপ্ৰভা দাসক পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল আৰু তেতিয়াই অমলপ্ৰভা দাসে বিচাৰিছিল শকুন্তলা চোধুৰীক । ভৰ যৌৱন বয়সত শকুন্তলা চৌধাৰীয়ে নিজকে সমৰ্পন কৰিছিল সমাজ সেৱাৰ নামত আৰু হৈ পৰিছিল আশ্ৰমবাসিনী। প্ৰথম অৱস্থাত শকুন্তলা চৌধাৰীক অফিচৰ সাধাৰণ কামত লগাইছিল যদিও তেওঁৰ কৰ্মদক্ষতা, নিষ্ঠা দেখি কস্তুৰৱা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিছিল।
উল্লেখ যে প্ৰায় দুদিন ধৰি অসুস্থ হৈ থকাৰ পিছত দেওবাৰে নিশা প্ৰায় ১০:৩০ বজাত ইহলীলা সম্বৰণ কৰে মহীৰূপ স্বৰূপ শকুন্তলা চৌধুৰীয়ে।
![]() | ReplyForward |