জম্মু-কাশ্মীৰত কৰুণ মৃত্যু অসম সন্তান বিশ্বজিত গগৈ

নিউজ ডেস্ক, ১৮ ফ্ৰেব্ৰুৱাৰীঃ বুধবাৰে নিশা জম্মু কাশ্মীৰত কৰুণ মৃত্যুক সাৱটিলে ভাৰতীয় সেনাত কৰ্মৰত অসম সন্তান বিশ্বজিত গগৈয়ে। জম্মু কাশ্মীৰৰ নগ্ৰতাত কৰ্মৰত আছিল জোৱানজন। ডেৰগাঁৱৰ সমীপৱৰ্তী গড়গুৰিৰ নিবাসী জোৱানজনৰ গাত গুলী লাগিছিল। পিছে কেনেকৈ জোৱানজনৰ শৰীৰত গুলী লাগিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
উল্লেখ্য যে, বিগত ১০ মাৰ্চত নিজৰ বিয়াৰ দিনবাৰ ঠিক কৰা হৈছিল বিশ্বজিতৰ। অহা ২২ ফ্ৰেব্ৰুৱাৰীত ছুটি লৈ ঘৰলৈ অহাৰ কথা আছিল কিন্তু বুধবাৰে সংঘটিত হোৱা ঘটনাত প্ৰাণ হেৰুৱালে জোৱানজনে। এই ঘটনাত সমগ্ৰ ডেৰগাঁও অঞ্চলত শোকৰ ছাঁ পৰিছে।