আইপিএলৰ পৰা এলাগী বেগী বলাৰৰ শেষ ভৰসা এতিয়া ৰঞ্জী! ঈশান্তৰ বিদায় আসন্ন

ডিজিটেল ডেস্কঃ আইপিএলৰ ফ্ৰেঞ্চাইজীত স্থান লাভ নকৰা বাবে দিল্লীৰ হৈ ৰঞ্জী ট্ৰফীত খেলাৰ সিদ্ধান্ত লয় ভাৰতীয় বেগী বলাৰ ঈশান্ত শৰ্মাই। ইয়াৰপূৰ্বে ঈশান্তে ৰঞ্জী ট্ৰফীৰ গ্ৰুপ পৰ্যায়ত নেখেলাৰ সিদ্ধান্ত লৈছিল যদিও আইপিএলৰ মেগা নিলামৰ পাছতে সিদ্ধান্ত সলনি হয় খেলুৱৈগৰাকীৰ। অভিজ্ঞ ফাষ্ট বলাৰজনে তামিলনাডুৰ বিৰুদ্ধে প্ৰথমখন খেলৰ পূৰ্বে গুৱাহাটীত দলটোৰে যোগদান কৰিব বুলি জানিবলৈ পোৱা গৈছে।
তামিলনাডুৰ বিৰুদ্ধে দিল্লীৰ প্ৰথমখন ৰঞ্জী খেল বৃহস্পতিবাৰে পৰা আৰম্ভ হৈছে। ঈশান্তে এই খেলখনত খেলিব নোৱাৰিব । ৫দিনৰ কোৱাৰেণ্টাইনত থকাৰ পৰামৰ্শ প্ৰদান কৰিছে চিকিত্সকে। ২৪ ফেব্ৰুৱাৰীত ঝাৰখণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন খেলতহে অনুৰাগীয়ে ঈশান্তক দেখিবলৈ পাব। এক বিবৃতিত দিল্লী ৰঞ্জী দলে কয়, ‘ঈশান্তে দ্বিতীয়খন খেলৰ পৰা খেলিব পাৰিব। প্ৰথমখন খেল খেলিব পৰা হ’লে লাভান্বিত হ’লহেঁতেন দলটোৰ। আমি ইশান্তক দললৈ স্বাগতম জনাইছো। দলৰ আন খেলুৱৈসকলে তেওঁৰ পৰা উৎসাহ পাব।’
ঈশান্ত এতিয়া ভাৰতৰ টেষ্ট একাদশতো নিয়মীয়া নহয়। অৱশ্যে, তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক মাহত অনুষ্ঠিত হ’বলগীয়া ঘৰুৱা শৃংখলাত ৰাষ্ট্ৰীয় দলত থাকিব বুলি আশা কৰা হৈছে। দিল্লী ক্ৰিকেট এছ’চিয়েশ্যনৰ এজন বিষয়াৰ মতে, ঈশান্তে আইপিএলত দল নোপোৱাকৈয়ে নিজৰ সিদ্ধান্ত সলনি কৰিছে। তেওঁ কয়, ‘ৰঞ্জী ট্ৰফীত নেখেলিলে তেওঁক যিকোনো দললৈ লৈ যোৱাৰ কথা ভবাটো কঠিন হ’লহেঁতেন। যদি তেওঁ নেখেলে, ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে তেওঁক দলত ৰখাৰ বিষয়ে চিন্তা কৰিব। আইপিএলত নিলাম হোৱাহেঁতেন কথাটো সুকীয়া আছিল। স্মৰ্তব্য যে, ৩৩ বছৰীয়া ঈশান্তে ১০৫ খন টেষ্ট খেলিছে।
মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণৰ আগমনৰ পাছৰে পৰা মূল একাদশত সুযোগ লাভৰ পৰা বঞ্চিত হৈছে খেলুৱৈগৰাকী। ইফালে, ভাৰতীয় দলৰ হৈ ৰান পোৱা নাছিল আজিংক্য ৰাহানে । বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে ৰঞ্জী খেলিবলৈ পৰামৰ্শ দিছিল ৰাহানেক। বৃহস্পতিবাৰে ৰঞ্জীৰ প্ৰথমখন খেলতে শতকীয় ইনিংছ ৰাহানেৰ। ৰঞ্জীৰ প্ৰথম দিনটোতে দুৰন্ত ছন্দত ভাৰতৰ অভিজ্ঞ বেটাৰজনক দেখিবলৈ পাই উচ্ছসিত অনুৰাগী।