Local, Vocal, Global

আজি মিছিংসকলৰ আলি আঃয়ে লৃগাং উৎসৱ

নিউজ ডেস্ক, ১৬ ফ্ৰেব্ৰুৱাৰীঃ আলি আঃয়ে লৃগাং অসমৰ মিছিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতিবছৰে ফাগুণ মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠিয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়।
                উল্লেখ্য যে, প্ৰথম অৱস্থাত ফাগুণ,চ’ত আৰু ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিছিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে আলি আঃয়ে লৃগাং উৎসৱ ফাগুণ মাহৰ প্ৰথম বুধবাৰটোত পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুণ মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।
            মিছিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে সিঁচা বুজায়। সাধাৰণতে এই উৎসৱত মিছিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজ-ভাত খাই নৃত্য-গীত কৰে।