Local, Vocal, Global

পুনৰ জে’ললৈ যাব লাগিব লালু প্ৰসাদ

নিউজ ডেস্ক: চিবিআইৰ এখন বিশেষ আদালতে মঙলবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ সৰ্বোচ্চ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদক ১৩৯.৫ কোটি টকাৰ আত্মসাৎ গোচৰত দোষী সাব্যস্ত কৰে।

পুনৰ জে’ললৈ যাব লাগিব লালু প্ৰসাদ

১৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব শাস্তিৰ পৰিমাণ । আদালতে ২৯ জানুৱাৰীত গোচৰটোৰ যুক্তিৰ শুনানি সম্পূৰ্ণ কৰিছিল আৰু ইয়াৰ ৰায় সংৰক্ষিত ৰাখিছিল।

আগতে আন চাৰিটা পশুখাদ্য কেলেংকাৰীৰ গোচৰত ১৪ বছৰৰ বাবে কাৰাদণ্ড দিয়া হৈছিল প্ৰসাদক ।