Local, Vocal, Global

ISRO ই সফলভাৱে উৎক্ষেপণ কৰিলে বছৰটোৰ প্ৰথমটো উপগ্ৰহ

নিউজ ডেস্ক,১৪ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই(ইছ)সোমবাৰে পুৱা বছৰৰ প্ৰথমটো উপগ্ৰহ পি এছ এল ভি-চি 52 উৎক্ষেপন কৰে ৷ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয় উপগ্ৰহটো । প্ৰায় 1,710 কিলোগ্ৰাম ওজনৰ ই অ’এছ-04 উপগ্ৰহটো পি এছ এল ভি-চি ৫২ৰ জৰিয়তে সূৰ্যৰ মেৰু কক্ষপথত পৃথিৱীৰ পৰা ৫২৯ কিলোমিটাৰ উচ্চতাত স্থাপন কৰা হ’ব ।
উল্লেখ্য যে, ইছ’ৰৱে সোমবাৰে উৎক্ষেপন কৰা ই অ’এছ-04 উপগ্ৰহটো হৈছে এক ৰাডাৰ ইমেজিং উপগ্ৰহ । এই উপগ্ৰহটোৱে যিকোনো পৰিস্থিতিত পৃথিৱীৰ উচ্চ মানদণ্ডৰ ফটো তুলি প্ৰেৰণ কৰিব পাৰিব ৷ ইয়াৰ দ্বাৰা কৃষি, বন, বৃক্ষৰোপণ, মাটিৰ আৰ্দ্ৰতা, পানীৰ উপলব্ধতা আৰু বানপীড়িত অঞ্চলৰ মানচিত্ৰ প্ৰস্তুত কৰাত সহায়ক হ’ব বুলি আশা কৰা হৈছে ।
ইফালে এই অভিযানত আন দুটা সৰু উপগ্ৰহও উৎক্ষেপণ কৰা হৈছে । ইয়াৰে এটা হৈছে INSPIREsat-1 উপগ্ৰহ । এই উপগ্ৰহটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলোৰাডো বিশ্ববিদ্যালয়ৰ বায়ুমণ্ডলীয় আৰু মহাকাশ পদাৰ্থ বিজ্ঞানৰ গৱেষণাগাৰৰ শিক্ষাৰ্থীসকলৰ সহযোগত আই আই এছ টি-ৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰিছে।
আনটো উপগ্ৰহ হৈছে INS-2TD । এই উপগ্ৰহটো ইছ’ৰ আৰু ভূটানৰ এটা যুটীয়া উপগ্ৰহ । ই এটা ব’ল্ডাৰ আৰু এটা কাৰিকৰী ডিট’নেটৰ উপগ্ৰহ ।