Local, Vocal, Global

জামুগুৰিহাটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ১৪ ফ্ৰেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পশ্চিম টৌভঙাৰ জীয়াভৰলী গাঁৱত আজি পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। গাঁওখনৰ পৰিক্ষা মালাকৰ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ। অগ্নিকাণ্ডৰ ফলত ব্যক্তিজনৰ বাসগৃহৰ লগতে ঘৰৰ সকলো সা-সামগ্ৰী জুইত ভস্মীভূত হয়। এই অগ্নিকাণ্ডত ব্যক্তিজনৰ ৪টা পোহনীয়া ছাগলী অগ্নিদগ্ধ হৈ মৃত্যু হয়।

জানিব পৰা মতে বৈদ্যুতিক শ্বাৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।