একাদশ, দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বিহু আঁতৰোৱাৰ সিদ্ধান্ত
গুৱাহাটী,১২ ফ্ৰেব্ৰুৱাৰীঃ ৰাজ্যৰ শিক্ষা বিভাগৰ এক হঠকাৰী সিদ্ধান্ত। উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ পৰা আঁতৰিল বিহু। নিজে অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰম আঁতৰালে চৰকাৰে । পাঠ্যক্ৰমত বিহু অন্তৰ্ভুক্তকৰণৰ ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। কিন্তু শেহতীয়াকৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিহু আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এনে ঘোষণাৰ ফলত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।