ৰাজ্যিক কৃষক মৰ্চাৰ উদ্যোগত ‘আলি আয়ে লৃগাং’ উদযাপনৰ প্ৰস্তুতি
গুৱাহাটী,১১ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টী,কৃষক মৰ্চাৰ অসম প্ৰদেশ সমিতিয়ে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উল্লেখযোগ্য কৃষিভিত্তিক উৎসৱসমূহ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰাই কয় যে,ৰাজ্যখনৰ ভূমিপুত্ৰ খিলঞ্জীয়া কৃষিজীৱি জনগোষ্ঠীসমূহৰ কৃষ্টি-সংস্কৃতি,কৃষি পৰম্পৰাক ভাৰতীয় জনতা পাৰ্টীয়ে শ্ৰদ্ধা জনায় আহিছে।অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ মিচিংসকল, জনসংখ্যাৰ লেখেৰে ৰাজ্যখনৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী । মিচিং সকলৰ সভ্যতা-সংস্কৃতি, শিক্ষা, বাসস্থান, জীৱিকাৰ মূল উৎস হৈছে -নদী। ‘নদী’য়েই মিচিংসকলৰ জীৱন আৰু এই নদীক আশ্ৰয় কৰিয়েই গঢ়ি উঠিছে কৃষিভিত্তিক মিচিং সভ্যতা। এই নৈপৰীয়া কৃষিজীৱি মিচিংসকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ ‘আলি আয়ে লৃগাং’।
সেই অনুসৰি অহা ১৬ ফ্ৰেব্ৰুৱাৰী,২০২২-ত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ ‘আলি আয়ে লৃগাং’ উদযাপন কৰিব বিজেপি কৃষক মৰ্চাই।বিশ্বনাথ জিলাৰ লোহিতমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ’ব এই উৎসৱ। ইতিমধ্যে সন্মানীয় বিধায়ক শ্ৰীযুত উৎপল বৰাক মুখ্য উপদেষ্টা আৰু ৰঞ্জিত ভট্টাচাৰ্যক আহ্বায়ক হিচাপে লৈ এক উদযাপন সমিতিও গঠণ কৰা হৈছে। উদযাপন সমিতিৰ উপদেষ্টাত ক্ৰমে লোহিতমুখ জিলা পৰিষদৰ সদস্য শ্ৰীযুত লক্ষ্যনাথ মিলি আৰু ভাৰতীয় জনতা পাৰ্টী, বিশ্বনাথ জিলাৰ সভাপতি শ্ৰীযুত পংকজ বৰাক ৰখা হৈছে। সহ-প্ৰমুখৰ দায়িত্বত থাকিব ক্ৰমে কৃষক মৰ্চাৰ উপসভাপতি শ্ৰীযুত মৃণাল শইকীয়া, সম্পাদক শ্ৰীযুত ভাস্কৰ হাজৰিকা, বিশ্বনাথ জিলাৰ কৃষক মৰ্চাৰ সভাপতি শ্ৰীযুত প্ৰফুল্ল বৰুৱা আৰু বিশ্বনাথ জিলাৰ সামাজিক মাধ্যমৰ সদস্য শ্ৰীযুত গ্ৰীণকুমাৰ কাৰ্ডং।