ৰাইজৰ বাবে মুকলি হ’ব দিল্লীৰ মোগল গাৰ্ডেন
নিউজ ডেস্ক,১১ ফ্ৰেব্ৰুৱাৰীঃ ১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈকে সাধাৰণ ৰাইজৰ বাবে মুকলি হ’ব দিল্লীৰ মোগল গাৰ্ডেন। বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ দ্বাৰা জাৰি কৰা এক বিবৃত্তিত কোৱা হৈছে যে, দৰ্শনাৰ্থীসকলক কেৱল আগতীয়া অনলাইন বুকিঙৰ জৰিয়তে বাগিচাসমূহ চাবলৈ অনুমতি দিয়ে।
নিশা ১০ বজাৰ পৰা আবেলি ৫ বজাৰ ভিতৰত সাতটা আগতীয়া-বুক কৰা প্ৰতি ঘণ্টাৰ শ্লট দিয়া হ’ব।অন্তিম প্ৰৱেশ আবেলি ৪ বজাত হ’ব। প্ৰতিটো শ্লটত সৰ্বাধিক ১০০ জন ব্যক্তি থাকিব পাৰিব। এই গাৰ্ডেন ভ্ৰমণৰ সময়চোৱাত দৰ্শনাৰ্থীসকলে ক’ভিড প্ৰট’কল অনুসৰণ কৰিব লাগিব। মাস্ক পিন্ধাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।
সকলো দৰ্শনাৰ্থীৰ প্ৰৱেশ আৰু প্ৰস্থান ৰাষ্ট্ৰপতি ভৱনৰ ৩৫ নং গেটৰ পৰা হ’ব। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক ‘উদ্যানোৎসৱ’ মুকলি কৰে।এই বছৰৰ উদ্যানখনৰ মূখ্য আকৰ্ষণ হৈছে ১১ প্ৰকাৰৰ টিউলিপ আৰু বিভিন্ন প্ৰজাতিৰ গোলাপ।এই টিউলিপসমূহ ফ্ৰেব্ৰুৱাৰীৰ মাহৰ পৰা পৰ্যায়ক্ৰমে ফুলিব বুলি জানিব পৰা গৈছে।