বিয়াৰ ৩০ বছৰৰ পাছত অষ্টাদশীৰ প্ৰেমত ঠিকাদাৰ
নিউজ ডেস্ক,১০ ফেব্ৰুৱাৰী: প্ৰায় ৩০ বছৰীয়া বৈবাহিক জীৱন অতিক্ৰম কৰাৰ পাছত এজন পুৰুষৰ লম্পট আচৰণৰ বাবে আজি শিৱসাগৰৰ ৰাজপথত দেখা গল এক আচহুৱা পৰিস্থিতি।নিজ পত্নীক এলাগী কৰি অষ্টদশী গাভৰুৰ প্ৰেমত মতলীয়া হোৱা এইজন লম্পট স্বামীক পত্নীয়ে ধৰা পেলালে হাতেলোটে।এইজন ঠিকাদাৰ প্ৰেমীকৰ নাম বিভানন্দ গগৈ।নগৰৰ বাইপাচৰ নিৱাসী গগৈয়ে নিজ ঠিকা ফাৰ্ম পৰিচালনাৰ নামত নিয়োগ কৰা অষ্টাদশী গাভৰুৰ সৈতে গোপনে গঢ়িছিল অবৈধ প্ৰেমৰ সম্পৰ্ক।গাভৰুৰ প্ৰেমত হাবুডুবু খোৱা প্ৰেমীকে ক্ৰমান্বয়ে পত্নীক এলাগী কৰি ঘৰুৱা খা-খৰচ দিয়াৰ পৰাও বিৰত আছিল।আজি পত্নীয়ে বেতবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুয়োকে ধৰা পেলাই উগ্ৰমূৰ্তি ধৰে।এনে অবৈধ কামৰ কথা জানিব পাৰি ৰাইজে গাড়ীসহিত প্ৰেমীক-প্ৰেমীকাক অৱৰোধ কৰাৰ পাছৰ দৃশ্য এইয়া।অৱশেষত আৰক্ষী উপস্থিত হৈ দুয়ো লেইলা-মজনুক শিৱসাগৰ সদৰ থানালৈ আনে।জানিব পৰা মতে ঘটনা সন্দৰ্ভত প্ৰতাৰিত পত্নীয়ে এক এজাহাৰ দাখিল কৰিছে।