Local, Vocal, Global

অসমবাসীৰ সদিচ্ছাৰ বাবেই ৰাজ্যৰ শক্তিখণ্ডই নতুন ৰূপত গতি লাভ কৰিছেঃ ৰাজ্যিক বিজেপি

গুৱাহাটী,৮ ফ্ৰেব্ৰুৱাৰীঃ”অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শক্তিমন্ত্ৰী বিমল বৰাৰ সবল নেতৃত্ব,যুগান্তকাৰী সিদ্ধান্ত,সাৱলীল,পদক্ষেপ আৰু অসমবাসী ৰাইজৰ সদিচ্ছাৰ বাবে অসমৰ শক্তিখণ্ডই আজি নতুন ৰূপত গতি লাভ কৰিছে।” ৰাজ্যৰ শক্তিখণ্ডক ভূয়সী প্ৰশংসা কৰি এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ।তেঁও কয় যে অসমৰ শক্তিবিভাগে ২০২১ বৰ্ষৰ জুলাই মাহত ৬৮২.৭২ কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল, যিটো এক অভিলেখ পৰিমানৰ আছিল ঠিক একেদৰে আগষ্টত ৬৩০.২৮কোটি, ছেপ্তেম্বৰত ৬১৫.১২কোটি, অক্টোবৰত ৫৬৮.০৭ কোটি, নৱেম্বৰত ৫৭৭.৫৮কোটি, ডিচেম্বৰত ৪৮৮.৪৫ কোটি আৰু ২০২২ বৰ্ষৰ জানুৱাৰীত ৪৩৯.৯৯ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে।
              তদুপৰি ৰাজ্য চৰকাৰৰ কেবিনেটত ২০২১-২২ বৰ্ষৰ বিত্তীয় বৰ্ষৰ বাবে জীৱন ধাৰা(বি পি এল), এল টি বাণিজ্যিক আৰু উদ্যোগিক উপভোক্তাসকলক শুক্ল ৰেহাই পৰিশোধৰ বাবে ৪৮০ কোটি টকাৰ অনুমোদন জনাইছে। এই পদক্ষেপে বৰ্তমানৰ বিনামূলীয়া বিদ্যুৎ লাভ কৰা ১২ লাখৰো অধিক বি পি এল পৰিয়ালক লাভান্বিত কৰাৰ লগতে ৪৫ লাখৰো অধিক বি পি এল পৰিয়ালক লাভান্বিত কৰাৰ লগতে ৪৫ লাখৰো অধিক কম বেতনৰ ঘৰুৱা গ্ৰাহকক সকাহ পদান কৰিব বুলি মুখপাত্ৰজনে কয়।