Local, Vocal, Global

পঞ্চভূতত বিলীন হ’ল সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ

নিউজ ডেস্ক, ৬ ফ্ৰেব্ৰুৱাৰীঃ সমগ্ৰ দেশবাসীক কন্দোৱাই দেহাৱসান ঘটা প্ৰখ্যাত কণ্ঠশিল্পী, ভাৰতৰত্ন প্ৰাপক লতা মংগেশকাৰৰ অন্তিম সৎকাৰ মুম্বাইৰ শিৱাজী পাৰ্কত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয়। দেশৰ প্ৰধানমন্ত্ৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, বহু ৰাজনৈতিক নেতা, বলিউদৰ অভিনেতা, ক্ৰিকেটাৰকে ধৰি বহু গুণমুগ্ধ ব্যক্তিৰ উপস্থিতিত শেষ বিদায় জনোৱা হয় কিংবদন্তি শিল্পীগৰাকীক।
              প্ৰাক্তন ক্ৰিকেটাৰ তথা ভাৰতৰত্ন শচীন তেণ্ডুলকাৰ, বলিউদৰ অভিনেতা অমিতাভ বচ্ছন, শ্বাহৰুখ খান আৰু বহু প্ৰতিষ্ঠিত ব্যক্তিয়ে লতা মংগেশকাৰৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰে।