কাছাৰত চুপাৰি ব্যৱসায়ীক এনকাউণ্টাৰ
নিউজ ডেস্ক,৫ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটীৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ তদন্ত আৰম্ভ হোৱাৰ পাছতেই বৰাকত চুপাৰি ছিণ্ডিকেট বাহিনীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। শুকুৰবাৰে কাছাৰ আৰক্ষীয়ে এটা চুপাৰি মাফিয়াক এনকাউণ্টাৰ কৰিছিল যদিও সৌভাগ্যক্ৰমে চুপাৰি মাফিয়াটো গুলীবিদ্ধ হোৱাৰ পৰা ৰক্ষা পৰে। অভিযানকাৰী আৰক্ষীৰ উপস্থিতিৰ উমান পাই নিজামউদ্দিনে পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে। এই এনকাউণ্টাৰতে অভিযানকাৰী আৰক্ষীয়ে কাটিগড়াৰ পৰা কুখ্যাত চুপাৰি মাফিয়া হাজী নিজামউদ্দিন আৰু তেঁওৰ পুত্ৰ আলী হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।