আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
নিউজ ডেস্ক,৫ ফ্ৰেব্ৰুৱাৰীঃ বিদ্যা,জ্ঞান আৰু শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনাৰে আজি মুখৰিত হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰিৱেশ। আজি বাগদেৱী বীণাপাণি, শিক্ষাৰ দেৱী সৰস্বতীৰ বিশেষ পূজা-আৰাধনাৰ দিন। এই উপলক্ষে বাগদেবীৰ বন্দনা আৰু শিক্ষাৰ্থী ভক্তৰ ভক্তি বিগলিত আৰতিৰে উথলি উঠিব অসংখ্য পূজাথলীৰ চৌপাশ।ধৰ্মীয় বিশ্বাস অনুসৰি বিদ্যা-শিক্ষাত সফল হ’বলৈ হ’লে জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ আশীৰ্বাদৰ প্ৰয়োজন। মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত পালন কৰা হয় সৰস্বতী পূজা।এই বিশ্বাস মতেই এইবাৰো সৰস্বতী পূজা উদযাপন কৰিবলৈ সাজু হৈছে শিক্ষাৰ্থী-বিদ্যাৰ্থীসকলৰ লগতে জ্ঞানপিপাসু ভক্তসকল।ক’ৰণাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতেই আৰু অভাৱনীয় পৰিৱেশৰ মাজতেই ৰাজ্যজুৰি চলিছে সৰস্বতী পূজাৰ উদযাপন।