Local, Vocal, Global

টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত আজৱ ঘটনা

জগত নেওগ,যোৰহাট, ২ ফ্ৰেব্ৰুৱাৰীঃ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত আজৱ ঘটনা। এই প্ৰতিষ্ঠানত দুটা দৰমহাৰ স্কেল পাই কৰ্মচাৰীয়ে। ১১২ বছৰীয়া এই প্ৰতিষ্ঠানটোত CSIR নীতি অনুসৰি বহুবছৰ ধৰি অস্থায়ীভাৱে কাম কৰি অহা ৪১ জন কৰ্মচাৰীক ২০১৮ চনত ABITA নিয়মেৰে স্থায়ীকৰণ কৰে প্ৰতিষ্ঠানটোৱে।
                   টোকোলাই উৰ্ধতম কৰ্তৃপক্ষৰ মইমতালিৰ বলি হৈ ৪১জন কৰ্মচাৰীয়ে আজি পৰ্যন্ত জীয়াতু ভূগি আহিছে। তাৰোপৰি ইয়াৰ অধীনত চলি থকা CSIR নীতিৰ যিখিনি সুবিধা আছে সেইখিনি সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে কৰ্মচাৰীসকলে। সেয়েহে জানুৱাৰী মাহৰ পৰাই উক্ত কাৰণত প্ৰতিষ্ঠানটোৰ সন্মুখত আন্দোলন কৰি আছে কৰ্মচাৰীসকলে।