Local, Vocal, Global

পৰ্যটকৰ আগমনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভিলেখ সৃষ্টি

নিউজ ডেস্ক, ১ ফ্ৰেব্ৰুৱাৰীঃ পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে অভিলেখ সৃষ্টি কৰিছে। চলিত ২০২১-২২ পৰ্যটন বৰ্ষত বৰ্তমানলৈ কাজিৰঙা দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ১ লাখ ৭৫ হাজাৰ। পূৰ্বে কাজিৰঙা দৰ্শনৰ বাবে আহিছিল মাত্ৰ ১ লাখ ৫০ হাজাৰ পৰ্যটকহে। কিন্তু ডিচেম্বৰ মাহতেই মুঠ পৰ্যটকৰ এক তৃতীয়াংশ পৰ্যটকৰ আগমন হৈছিল কাজিৰঙালৈ।
               কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে সদৰী কৰা অনুসৰি অনাগত তিনি চাৰি মাহত যথেষ্ট সংখ্যক পৰ্যটক কাজিৰঙালৈ অহাৰ সম্ভাৱনা আছে।যিহেতু কাজিৰঙাৰ পৰ্যটন বৰ্ষ অক্টোবৰৰ পৰা মাৰ্চ-এপ্ৰিল মাহ পৰ্যন্ত হয়
                 তদুপৰি চলিত বৰ্ষৰ শেষলৈ দুই লক্ষাধিক পৰ্যটক আৰু ৫ কোটিতকৈ অধিক ৰাজহ উদ্যান কৰ্তৃপক্ষই লাভ কৰিব বুলি কয় সঞ্চালকগৰাকীয়ে।পূৰ্বে গড় হিচাপত ১০ হাজাৰ বিদেশী পৰ্যটকৰ আগমন হৈছিল যদিও বিগত দুটা বৰ্ষত ক’ভিডৰ বাবে মাত্ৰ ৫০০ বা ৬০০ বিদেশী পৰ্যটক কাজিৰঙালৈ আহিছে। কাজিৰঙা জীপ চাফাৰী সন্থাই কাজিৰঙালৈ পৰ্যটক অভিলেখ সংখ্যক হাৰত অহাত সন্তোষ প্ৰকাশ কৰিছে।