Local, Vocal, Global

অসম সাহিত্য সভাৰ বিশেষ বঁটা ঘোষনা


গুৱাহাটী, ৩০ জানুৱাৰীঃ অসম সাহিত্য সভাৰ এইবছৰৰ চাৰিটা সন্মানজনক বঁটা-বৈঞ্চৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা, ছগনলাল জৈন বঁটা, নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা আৰু ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটাৰ বাবে যথাক্ৰমে ড° প্ৰফুল্ল মহন্ত, ড° শিৱনাথ বৰ্মন, ড° অখিল চক্ৰৱৰ্তী আৰু অভিজিৎ শৰ্মা বৰুৱাৰ নাম ঘোষণা কৰিছে অসম সাহিত্য সভাই। আজি সভাৰ গুৱাহাটী কাৰ্যালয়ৰ পৰা প্ৰেৰিত এক সংবাদ বিজ্ঞপ্তিত কোৱা হয় যে, ছগনলাল জৈন বঁটাতো পাঁছবছৰৰ আৰু বাকী তিনিটা দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়।


       ড° প্ৰফুল্ল মহন্তলৈ বৈঞ্চৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটাঃ বৈঞ্চৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা ন্যাসৰ সহযোগত অসমৰ ভাষা-সংস্কৃতিৰ বৃহত্তৰ ক্ষেত্ৰখনলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি তথা প্ৰতিষ্ঠানক দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা এই  বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে বিশিষ্ট সাহিত্যিক শিক্ষাবিদ তথা আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ড° প্ৰফুল্ল মহন্ত। তেঁও ৰচনা কৰা বাৰখন গৱেষনা-প্ৰসূত প্ৰৱন্ধ সংকলনৰ ভিতৰত ‘অসমীয়া মধ্যবৃত্ত শ্ৰেণীৰ ইতিহাস’, ‘জনগোষ্ঠীয় চেতনাঃ আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন’ ‘ঐতিহাসিক প্ৰেক্ষাপটত জনজাতীয় সমস্যা’ ‘শংকৰদেৱ আৰু বড়ো জাতি’, আধুনিক অসমীয়া সাহিত্যঃ সামাজিক-বৌদ্ধিক পটভূমি আৰু অন্যান্য’ আদি উল্লেখযোগ্য। বঁটাপ্ৰাপকক এই বঁটাৰ লগতে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু এক লাখ টকাৰ চেক প্ৰদান কৰে। ইয়াৰ আগতে এই বঁটা লাভ কৰিছিল জয়ন্ত বৰুৱা, জি. এল. আগৰৱাল, ৰাধিকা মোহন ভাগৱতীয়ে।


          ড° শিৱনাথ বৰ্মনলৈ ছগনলাল জৈন বঁটাঃ অসমৰ প্ৰতিষ্ঠিত সাহিত্যিকৰ যোৱা দহবছৰৰ ভিতৰত প্ৰকাশিত মৌলিক গ্ৰন্থৰ বাবে পাঁচবছৰৰ মূৰে মূৰে প্ৰদান কৰা এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট শিক্ষাবিদ -সাহিত্যিক -গৱেষক ড° শিৱনাথ বৰ্মন(গ্ৰন্থঃ ‘ৰূপান্তৰ ৰেহৰূপ’ ২০১৩)। অসমৰ বৌদ্ধিক- বিদায়তনিক সমাজত বহুলভাৱে সমাদৃত ড° শিৱনাথ বৰ্মনে ৰচনা কৰা আঠত্ৰিশখন অসমীয়া গ্ৰন্থৰ ভিতৰত  ‘সংস্কৃতিৰ সংকট’, ‘অসমৰ জনজাতীয় সমস্যা’, ‘ভাৰতীয় চিন্তাঃ চমু পৰিচয়’, ‘সাধক আৰু সাধনা’, ‘অসমীয়া আখৰ জোঁটনিৰ কথা’, ‘অসমীয়া ব্যাকৰণ অভিধান’ আদিয়ে বিশেষ উল্লেখ দাবী কৰে। বঁটাপ্ৰাপকক এই বঁটাৰ লগতে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰা হ’ব। ইয়াৰ আগতে এই বঁটা লাভ কৰিছিল অনিল ৰায় চৌধূৰী, ৰবীন্দ্ৰ বৰা পূৰবী বৰমূদৈ, নলিনীধৰ ভট্টাচাৰ্য আদিয়ে।


               ড° অখিল চক্ৰৱৰ্তীলৈ নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটাঃ অসমীয়া কবিতা আৰু নাট্য সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা এই বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে বিশিষ্ট নাট্যকাৰ-সাহিত্যিক তথা অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ড° অখিল চক্ৰৱৰ্তী। ইয়াৰ আগতে এই বঁটা লাভ কৰিছে দেৱপ্ৰসাদ তালুকদাৰ, ৰফিকুল হুছেইন, সনন্ত তাঁতী, ৰত্ন ওজা আদিয়ে। ড° চক্ৰৱৰ্তীয়ে ৰচনা কৰা একাধিক উচ্চমান বিশিষ্ট নাটকৰ ভিতৰত ‘পূজনীয় দেউতা’, ‘এজন ৰজা আছিল’, ‘আমি স্বপ্নাতুৰ’, ‘উত্তৰ পুৰুষ’, ‘ৰামচন্দ্ৰ মাউত’ উল্লেখযোগ্য। ইয়াৰ উপৰি তেঁও প্ৰায় পোন্ধৰখন উপন্যাস আৰু ৰসোত্তীৰ্ণ গল্প ৰচনা কৰিছে। বঁটাপ্ৰাপকক এই বঁটাৰ সৈতে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, আৰু পোন্ধৰ হাজাৰ টকাৰ চেক প্ৰদান কৰা হ’ব।


          অভিজিৎ শৰ্মা বৰুৱালৈ ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটাঃ প্ৰতিষ্ঠিত অসমীয়া শিশু সাহিত্যিকক দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা এই বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে বিশিষ্ট সাহিত্যিক অভিজিৎ শৰ্মা বৰুৱাক। শিক্ষাগতভাৱে আৰু পেছাত অভিযন্তা অভিজিত শৰ্মা বৰুৱাই ১৯৮১ চনৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰে আৰু ১৯৮৫ চন মানৰ পৰা শিশু সাহিত্য ৰচনাত বিশেষ মনোনিৱেশ কৰে। তেঁও ৰচনা কৰা চল্লিশখনতকৈয়ো অধিক শিশু সাহিত্য গ্ৰন্থৰ ভিতৰত ‘সোণোৱালী ল’ৰালি(শিশু উপন্যাস), কি যে আচৰিত জিন(শিশু গল্প সংকলন), নতুন পৃথিৱী( শিশু উপযোগী কল্পবিজ্ঞান গল্প সংকলন), ৰিংকু-মাইনী আৰু ইটো-সিটো বহুটো( শিশু উপন্যাস) উল্লেখযোগ্য। বঁটাপ্ৰাপকক এই বঁটাৰ লগতে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু দহ হাজাৰ টকাৰ চেক প্ৰদান কৰা হ’ব। ইয়াৰ আগতে এই বঁটা নিৰুপমা মিশ্ৰ, নিলীমা বৰা, ফুল বৰা আদিয়ে।