Local, Vocal, Global

‘অপেক্ষা কৰক আৰু চাঁওক’, বিদ্ৰোহী ত্ৰিপুৰাৰ বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মনে দল ত্যাগকৰাৰ পৰিকল্পনা সন্দৰ্ভত কয়

ত্ৰিপুৰা,৩০ জানুৱাৰী: বিদ্ৰোহী ত্ৰিপুৰা বিজেপি বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্রী সুদীপ ৰয় বৰ্মনে কৈছে যে তেওঁ তেঁওৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপৰ ওপৰত সঠিক সময়ত আহ্বান জনাব। তেওঁ কৈছিল যে তেওঁ ৰাজ্যখনৰ সাধাৰণ লোকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছতহে চূড়ান্ত সিদ্ধান্ত ল’ব।

২০২৩ চনত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি ত্যাগ কৰি বেলেগ দলত যোগদান কৰাৰ তেওঁৰ কোনো পৰিকল্পনা আছে নেকি বুলি সোধাত সুদীপ ৰয় বৰ্মনে কয়: ” সকলো স্পষ্ট হৈ পৰিব। কেৱল অপেক্ষা কৰক আৰু চাঁওক।”

উল্লেখ্য যে বিদ্ৰোহী ত্ৰিপুৰা বিজেপি বিধায়ক সুদীপ বৰ্মন আৰু আশীষ সাহাই শনিবাৰে আগৰতলাৰ এম এল এ হোষ্টেল চৌহদত তেঁওলোকৰ ‘সমৰ্থক’সকলক সাক্ষাৎ কৰিছিল।

লগতে সংবাদ মাধ্যমক অৱগত কৰোতে সুদীপ ৰয় বৰ্মনে কয় যে “মানুহক গণতান্ত্রিক সংস্থাপনৰ পৰা বঞ্চিত কৰা হৈছে। আমি ইয়াত জনসাধাৰণৰ কন্ঠস্বৰ হিচাপে আছো। “