Local, Vocal, Global

নতুনকৈ নিযুক্তি পালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য


নিউজ ডেস্ক, ৩০ জানুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে ৰাজ্যপালে ড° জিতেন হাজৰিকাক নিযুক্তি প্ৰদান কৰে। পূৰ্ৱতেই বিশ্ববিদ্যালয়খনত পঞ্জীয়ক হিচাপে দায়িত্ব পালন কৰি আছিল ড° হাজৰিকাই।

ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে এক পত্ৰৰ জৰিয়তে ড° হাজৰিকাৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰিছে।

উল্লেখ্য যে আগন্তুক ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য ড° লীলাকান্ত নাথে।