Local, Vocal, Global

বিতৰ্কত টেলিভিছন অভিনেত্ৰী শ্বেতা তিৱাৰী

টেলিভিছন অভিনেত্ৰী শ্বেতা তিৱাৰীৰ এটি বিতৰ্কিত ভিডিঅ’ সৰ্বত্ৰে এতিয়া ভাইৰেল হৈ পৰিছে। য’ত তেওঁ ধৰ্মীয় আৱেগত আঘাত হনাৰ দৰে অভিযোগ উত্থাপিত হৈছে।

ঘটনা অনুসৰি, আহি থকা এখন ৱেব চিৰিজৰ প্ৰচাৰকাৰ্যৰ সময়ছোৱাত কৰা এক মন্তব্যৰ বাবে এই বিতৰ্কৰ সৃষ্টি হয়। যাৰফলত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ।

নিজৰ সহ: অভিনেতা এগৰাকীৰ পূৰ্বৰ চৰিত্ৰ ‘ভগৱান’ হিচাপে আৰু আহি থকা ৱেব চিৰিজত ‘মহিলাৰ অন্তৰ্বাসৰ মাপ লোৱা’ হিচাপে থকাৰ কথা উল্লেখ কৰে। যাৰ ফলত অভিনেত্ৰীগৰাকী বৰ্তমান তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।