Local, Vocal, Global

ঘূণীয়া স্বামীক এৰি পলায়ন পত্নী আৰু সন্তানৰ

এজন যুৱকৰ ঘূণীয়া হোৱাই কাল হ’ল। যাৰফলস্বৰূপে তেখেতৰ জীৱনলৈ নামি আহিল কাল ধুমুহা। এখন সুখৰ সংসাৰ হৈ পৰিল তচনচ। এক দূৰ্ঘটনাত পতিত হৈ যুৱকজন ঘূণীয়া হৈ পৰাৰ পিছতে পত্নী আৰু সন্তানেও যুৱকজনক এৰি থৈ যায়। বৰ্তমান এসাজ ভাতৰ বাবে ভিক্ষা খুজিবলৈ বাধ্য হৈ পৰিছে যুৱকজন।

বকো সমষ্টিৰ অন্তৰ্গত সোণতলী গাও নিবাসী মণ্টু বড়ো নামৰ যুৱকজনৰ বয়স মাত্ৰ ৩০ বছৰ। এখন চাহৰ দোকান দি চাৰিজনীয়া পৰিয়ালটোক পোহপাল দি জীৱন নিৰ্বাহ কৰিছিল যুৱকজনে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এদিন চাহ দোকানত কাম কৰি থকা সময়ত পিচলি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মণ্টু বড়ো। তাৰ পিছতে এখন ভৰি সম্পূৰ্ণৰূপে বিকল হৈ পৰে।

বিশেষভাৱে সক্ষম হৈ পৰা মণ্টুৰ প্ৰতি ঘৃণা ওপজিছিল পত্নীৰ। বৰ্তমান অকলশৰীয়া মণ্টুৰ শুশ্ৰুষা কৰে বৃদ্ধ মাতৃ আৰু ভাই বোৱাৰীয়ে।