প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অংকিতা দত্তক আটক

নগাৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে যুৱ কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক আৰক্ষীয়ে চোঁচৰাই নি আটক কৰে। ঘটনা অনুসৰি, আজি যুৱ নেত্ৰীগৰাকীয়ে এনকাউণ্টাৰৰ ঘটনাটোৰ ন্যায় বিচাৰি ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
উক্ত প্ৰতিবাদৰ সময়ছোৱাত ‘বিজেপি মুৰ্দাবাদ’ ধ্বনি শ্লোগান আওৰায় উক্ত দলটোৱে।যাৰ ফলস্বৰূপে, বেৰিকেডৰ মাজেৰে আৰক্ষীৰ দলে কংগ্ৰেছ নেত্ৰী তথা মুখপাত্ৰগৰাকীক আটক কৰে।