ভাৰতৰ আটাইতকৈ ওখ মানুহে কৰিছে নিৰ্বাচনী প্ৰচাৰ আনহাতে অসমৰ চাপৰে কৰাইছে বিয়া

নিজকে ভাৰতৰ ভিতৰতে ওখ ব্যক্তি হিচাপে ঘোষণা কৰা উত্তৰ প্ৰদেশৰ ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙ নামৰ লোকজনে শেহতীয়াভাৱে সমাজবাদী দলত যোগদান কৰে। আৰু লগতে দলটোৰ হৈ নিৰ্বাচনী প্ৰচাৰ ও চলায়। আনফালে অসমৰ কোকৰাঝাৰৰ এগৰাকী চাপৰ ব্যক্তিৰ বিবাহ অনুষ্ঠানত উপস্হিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
উল্লেখ্য যে মুখ্যমন্ত্ৰীসহিতে বিবাহগৃহত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সতীৰ্থ মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু বি টি আৰৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ জিলাৰ খাৰগাঁৱত উপস্থিত হৈ সদৌ অসম বড়ো ছাত্ৰ সন্থাৰ প্রাক্তন নেতা মনেশ্বৰ দৈমাৰীৰ সৈতে চম্পা বড়োৰ শুভ পৰিণয়ৰ মাংগলিক মুহূর্তত দুয়োকে শুভকামনা জ্ঞাপন কৰে।
সমাজবাদী দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা ৪৬ বছৰীয়া ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙৰ উচ্চতা হৈছে আঠ ফুট দুই ইঞ্চি।