অখিলেশ যাদৱৰ প্ৰতিশ্ৰুতিঃ ক্ষমতাত আহিলে ২২ লাখ যুৱকক আই টি খণ্ডত চাকৰি
শনিবাৰে সমাজবাদী দলৰ সভাপতি অখিলেশ যাদৱে তেওঁৰ দলে উত্তৰ প্রদেশ বিধানসভা নিৰ্বাচনত ক্ষমতাত আহিলে আই টি খণ্ডত ২২ লাখ যুৱকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে । লক্ষ্ণৌত এক সংবাদ মেলত যাদৱে এই বক্তব্য দিয়ে ।
সংবাদ মেলত সমাজবাদী দলৰ সাধাৰণ সম্পাদক ৰাম গোপাল যাদৱে আনুষ্ঠানিক ঘোষণা কৰে যে আসন্ন বিধানসভা নিৰ্বাচনত অখিলেশ যাদৱে মইনপুৰিৰ কাৰ্হাল আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।
এছপি ক্ষমতাত আহিলে আই টি খণ্ডত প্ৰশিক্ষিত ২২ লাখ যুৱকক চাকৰি দিব বুলি কয় যাদৱে ।