Local, Vocal, Global

ভয়ংকৰ অৰ্থনীতিৰ গৰালত চাহ উদ্যোগ

নিউজ ডেস্ক, ১১ জানুৱাৰীঃ ৰাজ্যৰ অৰ্থনীতিত চাহ অন্যতম স্তম্ভস্বৰূপ। বিগত সময়ছোৱাত ৰাজ্যখনত হ্ৰাস পাইছে চাহৰ উৎপাদন। ২০১৯ বৰ্ষৰ তুলনাত এইবাৰ চাহৰ উৎপাদন কমিছে ৫২ বিলিয়ন কিলোগ্ৰাম। ইয়াৰ পিছতে গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে চাহ খেতিয়কসকল।উল্লেখ্য যে অসমৰ ৮০০ খন সৰু-বৰ চাহ বাগিছাই দেশৰ মুঠ চাহৰ প্ৰায় ৫২ শতাংশ উৎপাদন কৰে। ২০১৯ বৰ্ষত ৰাজ্যখনত উৎপাদিত চাহৰ পৰিমাণ আছিল ৭১৬.৪৯ মিলিয়ন কিলোগ্ৰাম। তাৰ বিপৰীতে ২০২১ৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ ৰাজ্যত উৎপাদন হয় মাত্ৰ ৬৪১.২৩ মিলিয়ন কিলোগ্ৰাম। অৰ্থাৎ ২০১৯ ৰ তুলনাত ২০২১ত উৎপাদন হ্ৰাস পায় ৫২ মিলিয়ন কিলোগ্ৰাম। এনে  প্ৰেক্ষাপটত এতিয়া সংকট নামি আহিছে অসমৰ চাহ উদ্যোগলৈ। তাৰোপৰি লোকচানৰ সন্মুখীন হৈছে চাহ খেতিয়কসকল। চৰকাৰে ক’ভিড পৰস্থিতিৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিলেও চাহ উৎপাদনকাৰী কোম্পানীসমূহৰ জি এছ টি আদি ৰেহাই দিয়া ব্যৱস্থা নিদিয়াৰ কাৰণে চাহ উৎপাদনত অসম পিছুৱাই পৰিল।