সাংবাদিকৰ ওপৰত ডকাইতৰ দলবদ্ধ আক্ৰমণ

নিউজ ডেস্ক,৭ জানুৱাৰী: কাছাৰত সাংবাদিকৰ ওপৰত ডকাইতৰ দলবদ্ধ আক্ৰমণ ৷ ৰাজপথত আক্ৰমণ চলাই অস্ত্ৰধাৰী ডকাইতৰ দলটোৱে সাংবাদিক জনৰ পৰা লুটি নিলে মোবাইল ফোন আৰু মানি পার্স ৷ ঘটনা়টো কাছাৰ জিলাৰ কাটিগড়াৰ মধুয়াত ৷ ডকাইতৰ আক্ৰমণত আহত কাটিগড়াৰ সাংবাদিকজনৰ নাম মঞ্জুৰ আহমেদ ৷ জানিব পৰা মতে, নিশা বাইকেৰে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত শিলচৰ গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ মধুয়া অঞ্চলত হঠাৎ ১০/১৫ জনীয়া এটা অস্ত্ৰধাৰী ডকাইতৰ দলে আক্ৰমণ চলায় সাংবাদিক জনৰ ওপৰত ৷ আৰু ৰাজপথত আক্ৰমণ চলাই সাংবাদিক জনৰ পৰা ডকাইতৰ দলে লুটি নিয়ে এটা মোবাইল ফোন সহ মানি পার্স ৷ পিছে স্থানীয় লোক সকলে সাংবাদিক জনক উদ্ধাৰ কৰি কাটিগড়া আৰক্ষী চকীলৈ লৈ যায় ৷ সাংবাদিক জনৰ লগত সংঘটিত হোৱা এনে ঘটনাক লৈ কাছাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শীঘ্ৰেই এই ঘটনাৰ লগত জড়িত সকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে কাছাৰৰ সাংবাদিক সকলে ৷
উল্লেখ্য যে মঞ্জুৰ আহমেদ বৰাকৰ এখন বাংলা বাতৰি কাকতৰৰ সাংবাদিক ৷