Local, Vocal, Global

পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নিউজ ডেস্ক: POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে পদ্মশ্ৰী সন্মান অর্জন কৰিবলৈ সক্ষম হোৱা উদ্ধৱ  ভৰালীৰ বিৰুদ্ধে।লখিমপুৰ শিশু গৃহৰ পৰা  এবছৰৰ  বাবে চুক্তি বদ্ধ কৰি এগৰাকী কিশোৰীক তুলনীয়া জী হিচাপে তুলি লৈছিল উদ্বৱ ভৰালীয়ে।কিন্তু দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে ভুক্ত ভোগীয়ে।

১৭ ডিচেম্বৰত উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।২৮ ডিচেম্বৰত লাভ কৰিছিল অন্তৱৰ্তী কালীন জামিন।উদ্ধৱ ভৰালীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে যদিও চিকিৎসকৰ প্ৰতিবেদনত স্পষ্ট হৈছিল যৌন নিৰ্যাতন।

এই সন্দৰ্ভত ৭ জানুৱাৰীত গোচৰৰ কেচ ডায়েৰী দাখিল কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰী বিষয়াই স্বীকাৰ কৰিছে উদ্ধৱ ভৰালীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ।

সমগ্ৰ ঘটনাটোৰ লগত জড়িত তথ্য প্ৰমাণ কৰিছে বুলি জনায় জিলা  প্ৰাধিকাৰী  বিষয়াই।