Local, Vocal, Global

পঞ্জাৱত কৃষকসকলৰ পথ অৱৰোধ: প্ৰধানমন্ত্ৰীৰ ফিৰোজপুৰ ৰেলী বাতিল

 নিউজ ডেস্কঃ প্ৰায় দুবছৰৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পঞ্জাৱত উপস্থিত হয়। কিন্তু কৃষক বিদ্ৰোহৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাতিল কৰিবলগীয়া হয় পঞ্জাৱৰ জনসভা। বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ পাছত এইটো আছিল প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰথমটো পঞ্জাৱ ভ্ৰমণ। কিন্তু পঞ্জাৱত ভৰি দিয়াৰ পাছতে তেঁও কৃষক বিদ্ৰোহৰ সন্মূখীন হ’বলগীয়া হয়।

হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত, যেতিয়া প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুত উপস্থিত হৈছিল, তেতিয়া কিছুমান প্ৰতিবাদকাৰীয়ে পথটো অৱৰোধ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকী ১৫-২০ মিনিটৰ বাবে ফ্লাইঅভাৰত আৱদ্ধ হৈ আছিল। যাৰ বাবে ফিৰোজপুৰৰ সভা বাতিল কৰিবলগীয়া হয়। প্ৰধানমন্ত্ৰীৰ কনভয় হুছেইনিৱালা অভিমুখে গৈ থকা অৱস্থাত কিষাণ মজদুৰ সংঘর্ষ সমিটিৰ (কে এম এছ চি) সদস্যসকলে পথ অৱৰোধ কৰে।

অৱশ্যে কৃষকসকলক তেওঁলোকৰ দাবীৰ বিষয়ে ১৫ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে আলোচনাৰ আশ্বাস দিয়াৰ পিছত প্ৰতিবাদৰ সামৰণি পেলায়। ঘটনাটোৰ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে কয় যে প্ৰধানমন্ত্ৰী ১৫-২০ মিনিটৰ বাবে উৰণীয়া সেঁতুত আৱদ্ধ হৈ আছিল। এয়া প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্রত এক ডাঙৰ ভূল আছিল। কেন্দ্রীয় চৰকাৰে এই ভূলৰ বাবে পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিছে।