Local, Vocal, Global

ক’ভিডৰ ভয়াৱহ সংক্ৰমণ IIT গুৱাহাটীত, অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ

নিউজ ডেস্কঃ ৰাজ্যত পুনৰ ক’ভিডৰ বিভিষিকা। ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ লৈছে মাৰাত্মক ক’ভিডৰ সংক্ৰমণে। IIT গুৱাহাটীত ক’ভিডৰ সংক্ৰমণ। অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ।

চলিত সপ্তাহত হঠাৎ বৃদ্ধি ক’ভিডৰ সংক্ৰমণ। আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী। ইতিমধ্যে শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা বাহিৰলৈ অহা-যোৱা বন্ধ কৰা হৈছে শিক্ষাৰ্থীৰ।

নিৰ্মাণ কৰা হৈছে কোৱাৰেন্টাইন চেন্টাৰ। কেইবাজনো বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহতো পোৱা গৈছে ক’ভিডৰ উপস্থিতি।