Local, Vocal, Global

ভাৰতীয় জনতা পাৰ্টি হ’ল ত্যাগ আৰু সেৱাৰ প্ৰতীক ডঃ হিমন্ত বিশ্ব শমাৰ্ৰ নেতৃত্বত জনসেৱাত সম্পূৰ্ণ সফল হৈছে ৰাজ্য চৰকাৰ- ভৱেশ কলিতা


গুৱাহাটী, ৪ জানুৱাৰী ২০২২ঃ বিগত প্ৰায় আঠমাহে অসমৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে দিনে-নিশাই অতন্দ্ৰ প্ৰহৰীৰ দৰে সেৱা আগবঢ়াই অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তথা ৰাজ্য চৰকাৰক দলৰ হৈ ধন্যবাদ আৰু অভিনন্দনজ্ঞ স্থাপন কৰে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ দলৰ ৰাজ্যিক কাযাৰ্লয়ত অনুষ্ঠিত নতুন বছৰটোৰ প্ৰথমখন সংবাদমেল সম্বোধন কৰি সভাপতি শ্ৰী কলিতাই কয় যে, ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ পৰা শিক্ষা, ক্ৰীড়া, স্বাস্থ্য, মহিলা সৱলীকৰণ, গ্ৰামোন্নয়ন, কৃষিলৈকে¸ প্ৰতিটো ক্ষেত্ৰতে যুদ্ধকালীন ক্ষিপ্ৰতা আৰু সুস্পষ্ট নীতিৰে যিদৰে ফলপ্ৰসূভাৱে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে কাৰ্যনিবাৰ্হ কৰি আছে সেয়া জনগণে স্বচক্ষুৰে দেখি আহিছে৷   নৱবৰ্ষ বা তেনে উৎসৱমুখৰ পৰিৱেশত পথ সুৰক্ষা সম্পূৰ্ণ আওকাণ কৰি বাহন চালনাৰ ফলত কিদৰে দুৰ্ঘটনাৰ বাবে অলেখ পৰিয়াললৈ কাল অমানিশা নামি আহে সেয়া সৰ্বজনবিদিত ৷ কিন্তু গৃহ আৰু পৰিবহণ বিভাগক সন্মুখৰ পৰা নেতৃত্ব দি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ই পথ সুৰক্ষাৰ বাবে ব্যৱহাৰিকভাৱে পদক্ষেপ গ্ৰহণ কৰি অকাল মৃত্যুৰ পৰা বহুজনক ৰক্ষা কৰিবলৈ সক্ষম হোৱাটো নিঃসন্দেহে প্ৰশংসাযোগ্য তথা আদৰণীয়৷ তেখেতৰ নেতৃত্বত পথ সুৰক্ষা এক সবল আৰু সমন্বিত অভিযানলৈ ৰূপান্তৰিত হৈছে৷  সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে নিবাৰ্চনী প্ৰতিশ্ৰুতি অনুযায়ী প্ৰতিটো সংকল্পৰ সাকাৰ ৰূপ দিয়াত সফল হৈছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ৷ আইমাতৃসকলৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই আৰু অৰুণোদয় আঁচনিৰ সফল ৰূপায়ণ বিশেষভাৱে উল্লেখযোগ্য৷   ১৫-১৮ বছৰ বয়সলৈকে কিশোৰ তথা যুৱসকলৰ বাবে ক’ভিড প্ৰতিৰোধী ভেকচিন প্ৰদান প্ৰক্ৰিয়া সমগ্ৰ দেশতে ইতিমধ্যে ব্যাপক আৰু প্ৰণালীৱদ্ধভাৱে আৰম্ভ হৈছে৷ লগতে আৰম্ভ হৈছে জ্যেষ্ঠজন আৰু ক’ভিড যোদ্ধা সকলৰ বাবে বুষ্টাৰ ভেকচিনেশ্যন৷ এই নিৰালস্য সেৱাৰ বাবে শ্ৰীকলিতাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ৰ প্ৰচেষ্টা পুনৰ এবাৰ শলাগ লয়৷  বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয় যে বিগত আঠমাহত অসমৰ প্ৰতিটো বিভাগৰ লগতে আন্তঃগাঁথনিতো ব্যাপক উন্নয়নৰ কাম অধিক ত্বৰান্বিত হৈছে৷

অংগনবাড়ী কেন্দ্ৰৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈকে, ঘাইপথ, দলঙৰ পৰা শিক্ষা সংস্কৃতিলৈকে প্ৰতিটো ক্ষেত্ৰৰ সামগ্ৰিক উন্নয়নৰ সাক্ষী স্বয়ং অসমবাসী ৰাইজ৷ বৰবিহ ড্ৰাগছ, গঁড় হত্যা আদি আজি সুদূৰ পৰাহত৷ আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন৷ এনে এক শান্তিপূৰ্ণ পৰিৱেশ আৰু সমৃদ্ধিশালী কাৰ্যপন্থাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা দিনক দিনে বৃদ্ধি পাইছে৷  সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত শ্ৰী ভৱেশ কলিতাই কয় যে আগন্তুক ঠেঙাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদ আৰু পৌৰসভা-পৌৰ নিগমৰ নিবাৰ্চনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ জয় অৱধাৰিত৷ দলৰ সাংগঠনিক শক্তি আৰু ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণকামী আঁচনিৰ বাবে এই বিজয় সম্ভৱ৷ অসম চুক্তিৰ ষষ্ঠ দফা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে সংশ্লিষ্ট প্ৰতিটো জাতি-জনগোষ্ঠী তথা সংগঠনৰ সৈতে আলাপ-আলোচনাৰ মাধ্যমেৰে এক ইতিবাচক দিশেৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ আগবাঢ়িছে৷ চৰকাৰৰ ভাষ্যতে দলৰো চিন্তা সঠিকভাৱে প্ৰতিফলিত হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি নিশ্চিত যে এইক্ষেত্ৰত এক সুফল অসমবাসীয়ে নিশ্চিতভাৱে লাভ কৰিব৷ বিজেপিৰ সহযোগ নিধিৰ সন্দৰ্ভত লগতে তেখেতে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ আজি এই শক্তিশালী ৰূপ পোৱাৰ প্ৰধান কাৰণেই হ’ল ৰাইজৰ শুভাশিস¸ আৰু দলৰ সন্মানীয় কাৰ্যকৰ্তা সকলৰ ত্যাগ, নিষ্ঠা আৰু দক্ষতা৷ দলৰ কাৰ্যকৰ্তা সকলে নিজা অৱদানেৰে গঠন কৰিছে এই সহযোগ নিধি৷ এই নিধি দলীয় সেৱা আৰু সংগঠনৰ বাবে গঠিত হৈছে আৰু বিজেপি মানেই হ’ল ত্যাগ আৰু সেৱাৰ প্ৰতীক৷  আজিৰ সংবাদমেলত ৰাজ্যিক সভাপতিৰ লগতে উপস্থিত আছিল ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাস, সাধাৰণ সম্পাদক পুলক গোঁহাই আৰু ৰাজ্যিক মুখপাত্ৰ তথা সংবাদ কোষৰ কাৰ্যকৰ্তাসকল ৷ 

ReplyForward