Local, Vocal, Global

ৰাষ্ট্ৰীয় পৰ্যায়ত খেল জগত উজ্জ্বলিছে অসমৰ ভিন্ন প্ৰতিভাবান খেলুৱৈ

নিউজ ডেস্ক:যোৱা ২৬, ২৭,২৮ তাৰিখে পশ্চিম বংগৰ খড়গপুৰত অনুষ্ঠিত হোৱা ২১ তম ৰাষ্ট্ৰীয় কাৰেটে প্ৰতিযোগিতাত অসমৰ পৰা যোৱা “সোণাপুৰ কাৰেটে একাডেমী”য়ে জিনিলে সাফল্য।।

এই প্ৰতিযোগিতাত প্ৰশিক্ষক কিশোৰ কলিতা, মৃনাল দাস, আৰু ৰাষ্ট্ৰীয় কাৰেটে ফেডাৰেচনৰ কাৰ্য্যনিৰ্বাহক কৃষ্ণ কলিতাৰ নেতৃত্বত যোৱা দলটোৱে সাফল্য অৰ্জন কৰে।।
বিশেষকৈ তন্ময় ডেকাই সোণৰ পদক, হৰৰ্জ্যোতি দাস আৰু হৃষিকেশ দাসে ৰূপৰ পদক, চনুৰাজ কাশ্যপ, অংকুৰ কলিতা, ভাৰ্গৱ ৰাজ, পাৰ্থপ্ৰতিম ঠাকুৰীয়া, তন্ময় দাসে একোটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰে।