Local, Vocal, Global

মা বৈষ্ণ দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈ ১২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

নিউজডেস্ক: বছৰৰ প্ৰথম দিনটোতে দুঃখবৰ। আজি পুৱতি নিশা প্ৰায় ২.৪৫ বজাত জম্মু-কাশ্মীৰৰ ত্ৰিকুটা পাহাৰস্থিত মাতা বৈষ্ণ দেৱী মন্দিৰত হোৱা প্ৰচণ্ড ভীৰ আৰু ঠেলা-হেঁচাৰ বাবে এই দুখজনক ঘটনা সংঘটিত হব’লৈ পায়। এই ঘটনাত ১২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু আৰু ১৪ গৰাকী আঘাতপ্ৰাপ্ত হৈছে।
     মন্দিৰটোৰ পৰিচালনাৰ দায়িত্বত থকা লোকে সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে, “নিশা তীৰ্থযাত্ৰীৰ ভিৰ ইমানেই বাঢ়িছিল যে, আমি সুচাৰুৰূপে পালন কৰাত বিফল হৈছিলো”।
       এই সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।লগতে টুইটযোগে দুখ প্ৰকাশ কৰিছে উপ ৰাজ্যপাল মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে।