Local, Vocal, Global

জয়া বচ্চনৰ প্ৰচণ্ড খং, অসমৰ কোন সাংসদ ওপৰত

নতুন দিল্লী: সোমবাৰে ৰাজ্যসভাত জেষ্ঠ অভিনেত্ৰী তথা সাংসদ জয়া বচ্চনৰ উষ্মা ভৰা বাক্যবাণ এতিয়া সৰ্বত্ৰ ভাইৰেল হৈছে। সদনৰ মাজতে তীব্ৰ খঙত ফাটি পৰা জয়া বচ্চনৰ উশাহ-নিশাহ খৰ হবলৈ ধৰিছিল।ফোঁপাই-জোপাই জয়াই চৰকাৰক কঠোৰ সমালোচনা কৰি ৰাজ্যসভাৰ অধ্যক্ষৰ আসনত বহি থকা অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ ওপৰত অভিশাপ দিয়ে। ৰাজ্যসভাৰ সাংসদ জয়া বচ্চন আৰু বিজেপিৰ সাংসদসকল মাজত কথাৰ কটা-কটি হয়। অভিযোগ মতে, জয়া বচ্চনে ক’বলৈ লওতে বিজেপিৰ সাংসদে বিদ্ৰুপসূচক মন্তব্য কৰি কয় যে এয়া সংসদহে চিনেমা উদ্যোগ নহয়। পানামা পেপাৰ কাণ্ডত নাম সাঙোৰ খোৱা বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন সন্দৰ্ভতো শাসকীয় দলৰ সাংসদে বিৰূপ মন্তব্য কৰাৰ অভিযোগ। লগে লগে জয়া বচ্চনৰ খঙে মূৰৰ চুলি আগ পাইগৈ। উষ্মাভৰা কণ্ঠৰে তেওঁ কয়, ‘ডিঙি চেপি মাৰিয়ে পেলাওক। আমাক কথা ক’বলৈ নিদিব।’ খঙৰ ভমকত জয়া বচ্চনে আনকি কয় যে ‘আপোনালোকৰো বেয়া দিন আহি আছে। মই শাও দিছো।’
প্ৰথমে, তেওঁ ভুবনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠাত অধ্যক্ষৰ বিৰুদ্ধে বিৰোধীৰ কথা নুশুনা বুলি অভিযোগ কৰে।