Local, Vocal, Global

প্ৰেমৰ মায়াজালত আবদ্ধ হৈ নিঃস্ব হ’ল দূৰ্ভগীয়া প্ৰেমিক

প্ৰেমৰ মায়াজালত বন্দী হৈ সৰ্বস্ব হেৰুৱালে প্ৰেমিকে। পিছে এইবাৰ প্ৰেমিকে প্ৰেমিকাক দামী উপহাৰ দি ৰামঠগন খালে এজন যুৱকে। উপায়ন্তৰ হৈ এতিয়া আৰক্ষীৰ কাষ চাপিছে যুৱকজন। উল্লেখ্য যে দিছপুৰ থানাত প্ৰেমিকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে প্ৰাঞ্জল ডেকা নামৰ এজন যুৱকে। প্ৰেমিকাক গাড়ী উপহাৰ দি প্ৰতাৰিত হ’ল প্ৰেমিক প্ৰাঞ্জল। প্ৰেমিকাক প্ৰেমৰ চিন হিচাপে যুৱকজনে দিছিল এখন স্কৰপিঅ’ গাড়ী। কিন্তু এতিয়া উপহাৰ দিয়া গাড়ীখন বিচাৰি আৰক্ষীৰ কাষ চাপিছে যুৱকজন। প্ৰেমিক প্ৰাঞ্জলে অভিযোগ কৰা অনুসৰি এগৰাকী মণিপুৰ যুৱতীয়ে তেঁওক প্ৰতাৰণা কৰিছে । প্ৰৱঞ্চনাৰে প্ৰেমিকাই লাখ লাখ টকা সৰকোৱাৰো অভিযোগ তুলিছে প্ৰতাৰিত প্ৰেমিক প্ৰাঞ্জলে।
ইফালে প্ৰেমিকায়ো প্ৰাঞ্জলৰ বিৰুদ্ধে গীতানগৰ থানাত গোচৰ ৰুজু কৰিছে। প্ৰাঞ্জলৰ বিৰুদ্ধেও প্ৰেমিকাই তুলিছে অভিযোগ। প্ৰেমিক প্ৰাঞ্জলে একাউণ্ট হেক কৰাৰ লগতে মাৰপিটৰো অভিযোগ কৰিছে প্ৰেমিকাই। এতিয়া লক্ষণীয় যে কোন সঁচা, কোন মিছা সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।